thumbnail

By

Published : Aug 22, 2023, 8:46 PM IST

ETV Bharat / Videos

Elephant tusks seized at Kamakhya : হাতীৰ দাঁতসহ আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

গুৱাহাটী, 22 আগষ্ট: মহানগৰীৰ কামাখ্যা ৰেল ষ্টেচনত হাতীৰ দাঁত জব্দ । হাতীৰ দাঁতসহ এজন সৰবৰাহকাৰী আটক । ধৃত সৰবৰাহকাৰীজন ৰাজস্থানৰ সন্দীপ যোশী বুলি জানিবলৈ পৰা গৈছে । লাচিত এক্সপ্ৰেছত অতি কৌশলৰে এটা বেগত গুৱাহাটীলৈ কঢ়িয়াই লৈ আনিছিল হাতীৰ দাঁত । মঙলবাৰে ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত হাতীৰ দাঁতসহ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । 

জব্দ হোৱা হাতীৰ দাঁতটোৰ ওজন 2.300 কেজি । ধৃত সন্দীপে মহানগৰীৰ কুমাৰপাৰাত ভাড়াতীয়া হিচাপে বসবাস কৰে বুলি জানিব পৰা গৈছে । প্ৰাথমিক তদন্তত অৰুণাচল প্ৰদেশৰ পৰা হাতীৰ দাঁতটো গোপনে সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কামাখ্যা ৰেল আৰক্ষীয়ে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোচা ।

লগতে পঢ়ক: Delhi Minor Rape Case: ‘‘আপোনালোকে কি লুকুৱাবলৈ বিচাৰিছে’’ আৰক্ষীলৈ প্ৰশ্ন দিল্লী মহিলা আয়োগৰ মুৰব্বীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.