Example of Hindu Muslim harmony: আজিৰ যুগতো ধৰ্মীয় গোড়ামিৰ উৰ্ধত স্থান পালে মানৱীয়তাই - হিন্দুৰ আদ্যশ্ৰাদ্ধত আগভাগ ল’লে মুছলমান লোকে
🎬 Watch Now: Feature Video
Published : Oct 11, 2023, 12:42 PM IST
ডিব্ৰুগড়, 11 অক্টোবৰ : ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ দেশ হ’লেও বৰ্তমান সময়ত ধৰ্মক লৈ সমগ্ৰ দেশতে বিবাদ দেখিবলৈ পোৱা গৈছে । দেশৰ ৰাজনৈতিক পৰিৱেশ এক প্ৰকাৰে ধৰ্মীয় মেৰুকৰণক লৈ উত্তাল হৈ আছে । বিশেষকৈ অসমত হিন্দু-মুছলমানক লৈ ৰাজনৈতিক দল গঠন হোৱাৰ লগতে ৰাজনৈতিক কথা-বতৰা, ৰাজনৈতিক চিন্তা সকলো হিন্দু-মুছলমানক লৈ আৰম্ভ হৈছে । ফলত ক্ৰমাৎ উশৃংখল হৈ পৰিছে সমাজ জীৱন । তেনে সময়তে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল মৰাণত ।
মৰাণৰ কুশল নগৰত এজন হিন্দু ধৰ্মৰ লোকৰ আদ্যশ্ৰাদ্ধ পাতিলে ইছলাম ধৰ্মৰ লোকে । দহ দিনৰ পূৰ্বে মৰাণ লেঙেৰীৰ ৰণ্টু গগৈ নামৰ বিবাহিত যুৱকজনৰ মৃত্যু হৈছিল মৰাণত । মৰাণ কুশল নগৰৰ এটা ভাড়াঘৰত মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ পিতৃ গৃহলৈ নিবলৈ পৰিয়ালৰ লোক অসমৰ্থ হোৱাত মৰাণৰে এখন শ্মশানত সৎকাৰ কৰা হ’ল । কাঠ মিস্ত্ৰীৰ যোগালী হিচাপে পৰিয়াল চলাই থকা যুৱকজনৰ পত্নীয়ে ধৰ্মীয় ৰীতিৰে আদ্যশ্ৰাদ্ধ পাতিবলৈ অসমৰ্থ হৈছিল । সেই সময়তে ওচৰৰ একাংশ মুছলমান লোকে মৃত যুৱকজনৰ পত্নীক সহায়ৰ বাবে আগবাঢ়ি আহিল । মুছলমান লোক কেইজনে আৰ্থিকভাৱে সহায় কৰি সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে বুধবাৰে অনুষ্ঠিত কৰিছে আদ্যশ্ৰাদ্ধ । মুছলমান লোককেইজনৰ এই প্ৰশংসনীয় কাৰ্যক সকলোৱে সাদৰে গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : Harmony: জনমানসত আজিও প্ৰবাহিত হৈ আছে সম্প্ৰীতিৰ নৈ