৯০ সংখ্যক ৰাস মহোৎসৱত উখল-মাখল নলবাৰীৰ হৰিমন্দিৰৰ বাকৰি - নলবাৰী হৰিমন্দিৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-11-2023/640-480-20119696-thumbnail-16x9-new.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 26, 2023, 6:54 PM IST
নলবাৰী, ২৬ নৱেম্বৰ : উদুলি-মুদুলি নলবাৰী । আজিৰে পৰা আৰম্ভ হ’ল নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ৯০ সংখ্যক ৰাস মহোৎসৱ । 90 খন পতাকা উত্তোলনেৰে দেওবাৰে শুভাৰম্ভ কৰা হয় উক্ত ৰাস মহোৎসৱ ৷ প্ৰথমখন পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
ৰাসক লৈ দেখা গৈছে নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত উখল-মাখল পৰিৱেশ । উল্লেখ্য যে, ৯০ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ তিনি তৰপীয়াকৈ অনুষ্ঠিত কৰিছে আয়োজক সমিতিয়ে । মৃন্ময় মূৰ্তিপ্ৰধান নলবাৰীৰ ৰাসত এইবাৰ জীৱন্ত ৰাসৰ লগতে পুতলা ৰাসৰো আয়োজন কৰা হৈছে । মুঠৰ ওপৰত লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱ সমিতি । ৰাস উপলক্ষে সুসজ্জিত কৰি তোলা হৈছে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ লগতে প্ৰাংগণ ।
লগতে পঢ়ক : মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ