চৰাইদেউ জিলাৰ সোণাৰিত স্বাধীনতা দিৱস উদযাপন - Independence Day celebration at Sonari
🎬 Watch Now: Feature Video
সমগ্ৰ দেশৰ লগতে সোমবাৰে অসমতো উদযাপন কৰা হয় 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence Day of India) । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি দেশবাসীয়ে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পিছত সোমবাৰে দেশবাসীয়ে ব্যাপক উছাহ-উদ্দীপনাৰে পালন কৰিলে 76 সংখ্যক স্বাধীনতা দিৱস ৷ ঘৰে-ঘৰে উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা (Azadi ka Amrit Mahotsav)। সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত হ'ল ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ জিলা উপায়ুক্ত পল বৰুৱাই উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা । সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷
Last Updated : Feb 3, 2023, 8:26 PM IST