DC conference in Dibrugarh: ডিব্ৰুগড়ৰ তিনিটাকৈ স্থানত আজিৰে পৰা অনুষ্ঠিত হৈছে উপায়ুক্ত সন্মিলন - উপায়ুক্ত সন্মিলন

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 15, 2023, 9:44 PM IST

ডিব্ৰুগড়, 15 মে’: আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত হৈছে পঞ্চম উপায়ুক্ত সন্মিলন ৷ এই সন্মিলনত ৰাজ্যখনৰ জিলা উপায়ুক্তসকল আৰু ৰাজ্য প্ৰশাসনৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷ সন্মিলনৰ ১৭ মে’ৰ কাৰ্যসূচীত নিজে উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা (5th Deputy commissioners conference) ৷  

আজি প্ৰথম দিনা পাঁচটাকৈ স্থানত অনুষ্ঠিত হৈছে বৈঠক ৷ ইয়াৰে ডিব্ৰুগড় জিলাৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে বৈঠক ৷ জলসম্পদ বিভাগৰ সভা কক্ষত অনুষ্ঠিত হৈছে চিৰাং, কোকৰাঝাৰ, বাক্সা,তামুলপুৰ, ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠক । জলসম্পদ বিভাগৰ অতিথিশালাত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া ৷ লগতে উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সমল আৰু অভিভাৱক সচিব সকল (DC conference at Dibrugarh) ৷  

আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় অতিথিশালাত নগাঁও , মৰিগাঁও আৰু দৰং জিলাৰ উপায়ুক্তসকলৰ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত পৰ্যালোচক হিচাবে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ ৷ লগতে উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদসহ অন্যান্য অভিভাৱক সচিবসকল ৷ সন্মিলনত বিশেষকৈ জিলাসমূহৰ বিভিন্ন বিভাগৰ উন্নয়ন তথা আন্তঃগাথঁনি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় (5th Deputy commissioners' conference begins) ৷

লগতে পঢ়ক: Shiksha Setu aap: টেবলেট ওভতাই দিয়াৰ আহ্বানৰ বিৰোধিতা প্ৰাথমিক শিক্ষক সন্থাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.