অধ্যয়নৰ নিৰ্দিষ্ট বয়স নাই : 58 বছৰীয়া মহিলাই অৰ্জন কৰিলে স্নাতকোত্তৰ ডিগ্ৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 26, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

কোৱা হয় যে অধ্যয়ন আৰু শিকাৰ কোনো বয়স নাই আৰু পাটনাৰ আশা কুমাৰীয়ে এই কথা প্ৰমাণ কৰিছে । 58 বছৰ বয়সত, তেওঁ IGNOU ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (58 year old woman got Master degree In patna) । আশা কুমাৰীয়ে কয় যে শিক্ষাই হৈছে একমাত্ৰ মাধ্যম যিয়ে মানুহৰ মাজৰ প্ৰতিটো শ্ৰেণী আৰু পাৰ্থক্য মচি পেলায় । ই সমাজত বৈষম্য দূৰ কৰে, সেয়েহে শিক্ষাতকৈ ডাঙৰ একো নাই । দৰাচলতে, মঙলবাৰে বিহাৰৰ ৰাজধানী পাটনাৰ বিদ্যাপতি ভৱনত IGNOU ৰ পাটনাৰ আঞ্চলিক কাৰ্যালয়ে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ব বিদ্যালয়ৰ ৩৫ তম সমাৱৰ্তনৰ আয়োজন কৰে (IGNOU 35th Convocation In Patna) । আশা কুমাৰী অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ হৈ পৰিছিল । আশা কুমাৰী যেতিয়া মঞ্চলৈ আহিছিল, গোটেই প্ৰেক্ষাগৃহটো হাত তালিৰে ভৰি পৰিছিল । ইয়াৰে মাজেৰেই মুখত এমোকোৰা হাঁহি আৰু পিন্ধনত এজোৰ সাধাৰণ পোছাকেৰে 58 বছৰীয়া আশা কুমাৰীয়ে ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ এসময়ত পৰিয়ালৰ সমস্যাৰ বাবে শিক্ষা আধৰুৱা হোৱা মহিলাগৰাকীৰ এই যাত্ৰা চাও আহক ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.