ধেমাজিত অনুষ্ঠিত হ’ব 51 সংখ্যক আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা 2023 - Power Lifting Competition 2023 held in Dhemaji
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-12-2023/640-480-20296838-thumbnail-16x9-thar.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 18, 2023, 4:18 PM IST
ধেমাজি, 18 ডিচেম্বৰ : অসম শক্তি উত্তোলন সংস্থাৰ তত্ত্বাৱধানত আৰু ধেমাজি জিলা শক্তি উত্তোলন সংস্থাৰ সৌজন্যত অহা 26 ডিচেম্বৰ পৰা 30 ডিচেম্বৰলৈ ধেমাজি কোলাপথাৰস্থিত ইন্দ'ৰ ষ্টেডিয়ামত 51 সংখ্যক অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা 2023 আয়োজন কৰা হৈছে ৷ এই সম্পৰ্কত আয়োজক সমিতিয়ে ধেমাজি প্ৰেছ ক্লাৱত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷
এই সংবাদমেলখনত জনোৱা অনুসৰি, এই প্ৰতিযোগিতাত ৰাজ্যৰ 24 জিলাৰ 500 ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ এই প্ৰতিযোগীসকলক খোৱা-বোৱাৰ লগতে থকাৰ ব্যৱস্থা সকলোখিনি উদ্যোক্তাসকলে আয়োজন কৰি দিব ৷ এই প্ৰতিযোগিতাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 50 হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে ৷
এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰা বাবে ধেমাজিবাসীৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷
লগতে পঢ়ক : যিটো দলৰ বিৰোধিতা কৰিছিল, এতিয়া তালৈ যাব ওলাইছে দীপাংক নাথ : লুৰীণজ্যোতি গগৈ