Martyres Day observed: বড়ো সাহিত্য সভাৰ ৫০ সংখ্যক শ্বহীদ দিৱস পালন - বড়ো সাহিত্য সভাৰ ৫০ সংখ্যক শ্বহীদ দিৱস পালন
🎬 Watch Now: Feature Video


Published : Sep 28, 2023, 9:08 PM IST
চিৰাং,২৮ ছেপ্টেম্বৰ: চিৰাং জিলা সমিতি বড়ো সাহিত্য সভাই বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে জিলাখনৰ ভিৰানগাঁওস্থিত বড়োলেণ্ড দৰবাৰত অনুষ্ঠিত কৰে ৫০ সংখ্যক শ্বহীদ দিৱস । পুৱা জিলা সভাপতি নাগেন্দ্ৰ নাৰ্জাৰীয়ে পতকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে । বড়ো সাহিত্য সভাই ১৯৭২ চনৰ ২৮ ছেপ্টেম্বৰৰ পৰা ৰোমান স্ক্ৰিপ্ট গ্ৰহণ কৰে বড়ো মাধ্যমৰ বাবে ।
এই মাধ্যম আন্দোলনৰ সময়ত অসম আৰক্ষীৰ হাতত প্ৰথম শ্বহীদ আছিল আমব্লাৰাম বড়ো আৰু শিবিৰাম বড়ো । তেতিয়াৰ পৰাই বড়ো সাহিত্য সভাই শ্বহীদ দিৱস হিচাপে পালন কৰে । সেই সময়ত ১৫ জনকৈ লোক মাধ্যম আন্দোলনত শ্বহীদ হৈছিল । চিৰাং জিলা বড়ো সাহিত্য সভাৰ সম্পাদক ছাইকং বসুমতাৰী আৰু আৰু বিৰদাউ মুছাহাৰীয়ে উপস্থিত থাকি স্মৃতি তৰ্পন কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কবিতা আবৃতি আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আয়োজন কৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ।
লগতে পঢ়ক: Allegation against Teacher: কণমানি ছাত্ৰীক প্ৰহাৰ কৰাক লৈ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি