40th National Taekwondo Championship : নামৰূপ টাইকোনডো একাডেমীৰ সফলতা; লাভ কৰিলে ৰাষ্ট্ৰীয় খিতাপ - লাভ কৰিলে ৰাষ্ট্ৰীয় খিতাপ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-06-2023/640-480-18774650-thumbnail-16x9-hh.jpg)
নাহৰকটীয়া, ১৭ জুন : লক্ষ্ণৌত অনুষ্ঠিত 40 তম ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ আৰু 26 তম ৰাষ্ট্ৰীয় পুমছে মিটত নামৰূপ টাইকোৱানডো একাডেমীৰ পাঁচগৰাকীকৈ খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় খিতাপ ৷ নামৰূপৰ টাইকোৱানডো খেলুৱৈ বিজু চলিহাই এই শিশুসকলক প্ৰদান কৰিছিল টাইকোৱানডোৰ প্ৰশিক্ষণ ৷
কণ কণ শিশুসকলকলৈ গঢ়ি উঠা এই নামৰূপ টাইকোৱানডো একাডেমীৰ সাফল্যই উৎসাহিত কৰিছে নামৰূপবাসীক । চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি জুনিয়ৰ গাৰ্লছ 20 কেজি অনুৰ্দ্ধ শাখাত আছি কলিতা, 22 কেজি অনুৰ্দ্ধ শাখাত চাৰ্ভি গগৈ, 26 অনুৰ্দ্ধ শাখাত শব্দ স্পৰ্শা গগৈ , 47 কেজি অনুৰ্দ্ধ শাখাত শ্যামলী গগৈ আৰু জুনিয়ৰ বয়ছ্ 41 কেজি অনুৰ্দ্ধ শাখাত দেৱাশিস গগৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : BJP Press Meet at Diphu: বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাৰ সংবাদ মেল, সাংবাদিকৰ প্ৰশ্নত আধাতে সামৰিলে সংবাদমেল