কৰিমগঞ্জত 5 অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 9:11 PM IST

কৰিমগঞ্জ, 30 নৱেম্বৰ : কৰিমগঞ্জ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ 5 অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান আদালতৰ ৷ 2023 চনৰ জানুৱাৰী মাহতে পঞ্জীয়ন হোৱা এটা গোচৰৰ বৃহস্পতিবাৰে ৰায়দান কৰে কৰিমগঞ্জৰ কৰিমগঞ্জ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৷  

এই পাঁচ অপৰাধীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকাৰ জৰিমনা বিহিছে আদালতে ৷ উল্লেখ্য যে, 2023 চনত কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা কৰিমগঞ্জ হৈ বিহাৰলৈ গাঞ্জা সৰবৰাহ কৰা অৱস্থাত তিনিগৰাকী মহিলাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি এই গোচৰত আটাইকেজন লোকক দোষী সাব্যস্ত কৰে আদালতে ৷  

দোষী সাব্যস্ত হোৱা অপৰাধী কেইটা হ’ল- ৰাকেশ চন্দ্ৰ, শুক্লা শ্বাহা, শুভংকৰ দাস, তপশ্য দাস, মায়া শ্বাহা ৷ ইয়াৰে তিনিগৰাকী মহিলাক কৰিমগঞ্জ জিলা কাৰাগাৰলৈ আৰু আন দুগৰাকীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ 

লগতে পঢ়ক : হাতীগাঁৱৰ ফ্লেটত ৰহস্যজনকভাৱে উদ্ধাৰ মেঘালয়ৰ যুৱতীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.