455th Tirubhav Tithi of Srimanta Sankardev : নাম প্ৰসংগ, খোল-তাল, বৰগীতৰ অমিয়া সুৰেৰে মুখৰিত সত্ৰ নগৰী মাজুলী - হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-09-2023/640-480-19526893-thumbnail-16x9-majuli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 16, 2023, 12:14 PM IST
|Updated : Sep 16, 2023, 1:09 PM IST
মাজুলী, ১৬ ছেপ্টেম্বৰ : ৰূপান্তৰৰ খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৫ সংখ্যক তিৰোভাৱ তিথি । অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিক একটাৰ দোলেৰে বান্ধি ৰখা শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিক লৈ উখল মাখল হৈ আছে ৰাজ্য । সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ সত্ৰ নামঘৰসমূহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা চাৰি নাম চৈধ্য প্ৰসংগ, খোল-তাল, বৰগীতৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে । এক কথাত ক’বলৈ গ’লে দ্বিতীয় বৈকুণ্ঠ লৈ পৰিণত হৈছে সত্ৰ নগৰী মাজুলী ।
প্ৰত্যেক বছৰে মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত আড়ম্বৰপূৰ্ণভাৱে জগতগুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰি অহা হৈছে । উত্তৰ কমলাবাৰী সত্ৰত এইবাৰ চাৰিদিনীয়কৈ পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ।
লগতে পঢ়ক : Tirobhav Tithi of Srimanta Sankardeva 2023: বৰপেটা সত্ৰত পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি