Abhiruchi Sports Day 2023: অভিৰুচিৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অভিৰুচি ক্ৰীড়া দিৱস পালন - 40th Abhiruchi Sports Day Celebration in Guwahati
🎬 Watch Now: Feature Video


Published : Sep 3, 2023, 12:23 PM IST
গুৱাহাটী, 3 ছেপ্টেম্বৰ : আজি 40 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচিৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰৰ জন্ম দিনটি প্ৰতি বছৰে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে দেওবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ খেলুৱৈ আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ চান্দমাৰী উৰণ সেঁতুৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ হয় সমূহীয়া দৌৰ ।
অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে সকলোৱে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মণিপুৰৰ অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাইশ্ৰাম সৰিতা দেৱী । যুৱ প্ৰজন্মক ক্ৰীড়াৰ লগত জড়িত হ’বলৈ আহ্বান জনোৱাৰ লগতে ক্ৰীড়াই মানুহৰ মনোবল বৃদ্ধি কৰে কৰে বুলি উল্লেখ কৰে ৷ আনহাতে অশান্ত মণিপুৰত পূৰ্বৰ শান্তি ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান জনাই সৰিতা দেৱীয়ে ৷
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ আয়োজন কৰা হৈছে 40 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অভিৰুচিৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 86 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি 3-4 ছেপ্টেম্বৰত আয়োজন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস । আজি সমূহীয়া দৌৰৰ পিচতে নেহৰু ষ্টেডিয়ামত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । 4 ছেপ্টেম্বৰত কুইজ প্ৰতিযোগীতাৰ লগতে ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈক কেইবাটাও শিতানত সম্বৰ্ধনা জনোৱা হ’ব ।
লগতে পঢ়ক:Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদিতৰ চকুত চকুপানী; দ্বিতীয় দিনাও প্ৰায় শতাধিক ঘৰ উচ্ছেদ