চিলাপথাৰত লাচিত দিৱস, বগীবিলৰ পৰা চিলাপথাৰলৈ হাফ মাৰাথন - lachit divas central program
🎬 Watch Now: Feature Video


Published : Nov 23, 2023, 10:06 PM IST
ধেমাজি, 23 নৱেম্বৰ : ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চিলাপথাৰৰ মাদুৰীপথাৰত আৰম্ভ হৈছে ৪০১ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস ৷ লাচিত দিৱসৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে পুৱাই অনুষ্ঠিত হয় হাফ মাৰাথন প্ৰতিযোগিতা ৷ এক উৎসৱমুখৰ পৰিৱেশত চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা বাহিৰ কৰা এই প্ৰতিযোগিতাত প্ৰায় সহস্ৰাধিক প্ৰতিযোগীয়ে অংশ লয় ৷ উল্লেখযোগ্য যে চিলাপথাৰৰ ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিযোগিতাখন বগীবিল দলঙৰ সমীপত সামৰণি পৰে ৷ প্ৰতিযোগিতাখন উপভোগৰ বাবে চিলাপথাৰৰ শ-শ ৰাইজ পথলৈ ওলাই অহাত স্বাভাৱিকতে উক্ত মাৰাথন দৌৰে এক বিশেষ মাত্ৰা লাভ কৰে ৷
লগতে পঢ়ক : ৪০১ সংখ্যক লাচিত দিৱসৰ বিশাল আয়োজন