Bongaigaon District Day: বঙাইগাঁৱত উলহ-মালহেৰে জিলা দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:25 PM IST

thumbnail

বঙাইগাঁও, 10 অক্টোবৰ: মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বঙাইগাঁও জিলা দিৱস ৷ বঙাইগাঁও জিলা প্ৰতিষ্ঠাৰ 34 বছৰ পূৰ্ণ হোৱাৰ পাছত জিলা প্ৰশাসনে বিগত বছৰৰ পৰা পালন কৰি অহা জিলা দিৱস আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ 

আজি দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা বঙাইগাঁও জিলা দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে চহৰখনত এক বৰ্ণিল শোভাযাত্ৰা উলিয়ায় ৷ চহৰখনৰ শ্বহীদ বেদীৰ পৰা উলিওৱা এই বৰ্ণিল শোভাযাত্ৰা মুকলি কৰে বঙাইগাঁৱৰ বিধায়ক ফণী ভূষণ চৌধুৰীয়ে ৷ এই শোভাযাত্ৰাত বঙাইগাঁও জিলাৰ বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে বিভাগীয় প্ৰতীক লৈ শোভাযাত্ৰা অংশ গ্ৰহণ কৰে ৷ 

এই শোভযাত্ৰাত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰী, জিলা আয়ুক্ত নৱদ্বীপ পাঠক, উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস প্ৰমুখ্যে অন্যান্য বিষয়া-কৰ্মচাৰী, স্থানীয় ৰাইজ আৰু কেবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Loksabha election 2024: বাংলাদেশী মূলৰ ভোট বিজেপিক নালাগে; কংগ্ৰেছক সমালোচনা ভূৱন পেগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.