Assam assembly 2023 : অসমৰ স্বাস্থ্যখণ্ডৰ পয়লগা ছবি উন্মোচন হ’ল বিধানসভাত - চৰকাৰী চিকিৎসালয়বোৰত 300 টা চিকিৎসকৰ পদ খালী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 17, 2023, 11:01 PM IST

গুৱাহাটী, 17 মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি অসমৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি থকাৰ সময়ত শুক্ৰবাৰে অসম বিধানসভাত অসমৰ স্বাস্থ্যখণ্ডৰ পয়লগা ছবি উন্মোচিত হয় (Poor condition of Assam Health Department) ।

বিধানসভাত বিৰোধী দলৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক আশ্ৰাফুল হুছেইন, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক চামচুল হুদা, বিধায়ক হাফিছ ৰছিদ আহমেদ আদিয়ে অসমৰ স্বাস্থ্যখণ্ডৰ পয়লগা ছবিখন উন্মোচিত কৰে ।

বিধায়কসকলে অভিযোগ কৰা অনুসৰি, চৰকাৰী প্ৰাথমিক আৰু জিলা স্বাস্থ্য কেন্দ্ৰবোৰত চিকিৎসক, নাৰ্চৰ অভাৱ আছে । প্ৰাৰ্থমিক আৰু জিলা স্বাস্থ্য কেন্দ্ৰবোৰত আন্তঃগাঁথনিৰ অভাৱ । ইফালে বিধানসভাৰ মজিয়াত বিধায়ক কমলাক্ষ দে পুৰাকায়স্থই কয় যে চৰকাৰে নিৰ্মাণ কৰা বহু মডেল হস্পতাল নামতহে আছে । বহু মডেল হস্পতালত চিকিৎসক আৰু নাৰ্চ নাই । ইপিনে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে দুবছৰে সম্পূৰ্ণ নহ’ল চেঙাৰ মডেল হস্পতালখন ।

বিধানসভাত বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক প্ৰকাৰ অসহায় অনুভৱ কৰে । তেওঁ কয় যে অসমত বৰ্তমান চৰকাৰী চিকিৎসালয়বোৰত 300 টা চিকিৎসকৰ পদ খালী হৈ আছে (300 vacancies in Govt hospitals in Assam)। অহা মে’ আৰু জুনত এম বি বি এছৰ ফলাফল দিলে চৰকাৰী চিকিৎসালয়বোৰত চিকিৎসকৰ খালী‌ পদবোৰ পূৰণ কৰা‌ হ’ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰী কৰে ।

লগতে পঢ়ক : HSLC exam paper leak: শিক্ষকৰ ওপৰত দোষৰ ভাৰ জাপি ছেবাক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা ডাইনেমিক মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.