Merapani Murder case: ওৰে নিশা নিৰ্মম অত্যাচাৰ চলাই পথৰ কাষত পেলাই থ’লে যুৱকৰ মৃতদেহ
🎬 Watch Now: Feature Video
তিতাবৰ, 20 আগষ্ট : মেৰাপানীত নিশা সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । ওৰেটো নিশা বিবস্ত্ৰ কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ পাচত হানি-খুচি হত্যা কৰা হ’ল এজন ত্ৰিশ বছৰীয়া যুৱকক । মেৰাপানী তেতেলিগুৰিৰ তোলন বৰা ওৰফে ৰূপেশ্বৰ বৰা নামৰ ব্যক্তিজনে একে গাঁৱৰে ৰাজীৱ গগৈ নামৰ যুৱকজনক নিজা বাসগৃহলৈ মাতি আনি ওৰে নিশা বিবস্ত্ৰ কৰি গৰম লোহাৰে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰি হত্যা কৰে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে মেৰাপানী তেতেলিগুৰিৰ গাঁওবুঢ়াগৰাকীয়ে ৷
উল্লেখযোগ্য যে, উক্ত ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে মেৰাপানী আৰক্ষীক গাঁৱৰ গাঁওপ্ৰধানে অভিযুক্তটোৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ ৷ কিন্তু মেৰাপানী আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ ফলতে এনে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজৰ লগতে গাঁওপ্ৰধানে । ইফালে ঘটনা সংঘটিত কৰি উলংগ অৱস্থাত পথৰ কাষত পেলাই থৈ দিয়ে ৰাজীৱ গগৈৰ মৃতদেহটো ।
ইতিমধ্যে তোলন বৰাক মেৰাপানী আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । অভিযুক্ত তোলনে কিছুদিন ধৰি চুবুৰীটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল । ঘটনাস্থলীত সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ নিয়াৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক : Rangia Double Suicide case update: প্ৰবীণ আগৰৱালাক লগত লৈ মাতৃ কন্যাৰ আত্মহনন তদন্ত আগুৱাইছে আৰক্ষীয়ে