Foundation day of Momo Ghar: ম'ম' ঘৰৰ ৩০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 1, 2023, 12:41 PM IST

Updated : Apr 1, 2023, 1:06 PM IST

গুৱাহাটী,১ এপ্ৰিল: ৩০ বছৰত ভৰি দিলে মহানগৰীৰ জনপ্ৰিয় ম'ম'ৰ বিপনী ম'ম' ঘৰে(Foundation day of Momo Ghar) । শুক্ৰবাৰে মহানগৰীৰ আমবাৰীত উদযাপন কৰা হয় ম'ম ঘৰৰ প্ৰতিষ্ঠা দিৱস(30-year foundation day celebrations of Momo Ghar) । কে'ক কাটি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰাৰ পিছতে ম'ম' খোৱা প্ৰতিযোগিতা, ম'ম' বনোৱা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাত বিজয়ীসকলক  প্ৰদান কৰা হয় আকৰ্ষণীয় পুৰষ্কাৰৰ লগতে নগদ ধনৰ টোপোলা ।

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পৰিচালক, অভিনেতা কেনী বসুমতাৰী আৰু সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শনী । বৰ্তমান গুৱাহাটীত বৃহৎ ম'ম'ৰ বজাৰ গঢ়ি উঠিছে আৰু ইয়াৰ জৰিয়তে বহু লোকে সংস্থাপন লাভ কৰিছে(Momo business in Guwahati) । এনে পৰিৱেশ দেখি ভাল লাগে, গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে ম'ম' ঘৰৰ স্বত্বাধিকাৰী তপন বৰুৱাই । উল্লেখ্য যে ১৯৯৩ চনত ম'ম' ঘৰ নামেৰে গুৱাহাটীত প্ৰথম ম'ম'ৰ ব্যৱসায় আৰম্ভ কৰিছিল তপন বৰুৱাই । সম্প্ৰতি মহানগৰীত ৬ খন আৰু তেজপুৰত এখন ম'ম' ঘৰ নামেৰে বিপনী আছে বুলি বৰুৱাই জানিবলৈ দিয়ে । 

লগতে পঢ়ক: MasterChef India Winner: নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

Last Updated : Apr 1, 2023, 1:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.