ড্ৰাগছসহ তিনিগৰাকী মহিলা আটক
🎬 Watch Now: Feature Video
তেজপুৰ, 2 ডিচেম্বৰ: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কঠোৰ ভূমিকা লোৱাৰ পিচতো ৰাজ্যত কমা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা ৷ শুকুৰবাৰে তেজপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় তেজপুৰৰ হজৰাপাৰত ৷ এই অভিযানত ড্ৰাগছসহ তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় তেজপুৰ আৰক্ষী ৷
জানিব পৰা মতে, লালমাটি আৰক্ষী চকীৰ অধীনত হজৰাপাৰৰ এগৰাকী মহিলাৰ ঘৰত থিতাপি লৈছিল নগাঁৱৰ আন দুগৰাকী মহিলাই ৷ মহিলা দুগৰাকীয়ে ড্ৰাগছ ব্যৱহাৰ কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই হাতে লোটে ধৰা পেলায় মহিলা দুগৰাকীক ৷ এই মহিলাকেইগৰাকীৰ পৰা ড্ৰাগছৰ তিনিটা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷
এই স্থানডোখৰত বহু দিনৰে পৰা ড্ৰাগছ আৰু বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন একাংশ যুৱকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
লগতে পঢ়ক: আলগাপুৰৰ ড্ৰাগছ বিক্ৰেতালৈ নাগৰিকৰ সতৰ্কবাণী