24 ঘণ্টাৰ অন্তত আৰক্ষীৰ জালত তিনি চোৰ
🎬 Watch Now: Feature Video
মিৰ্জা, 30 নৱেম্বৰ : কামৰূপ জিলাত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি-ডকাইতিৰ ঘটনা ৷ যোৱা 28 নৱেম্বৰৰ নিশা মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ কালী মন্দিৰত এক চুৰিকাণ্ড সংঘটিত হৈছিল । চোৰৰ দলে কালি মন্দিৰটোৰ পৰা চুৰি কৰিছিল সোণ-ৰূপৰ অলংকাৰৰ লগতে নগদ ধন ।
এই ঘটনাৰ পিচতে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত আজাৰা আৰক্ষীয়ে দিনে নিশাই চোৰৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ অৱশেষত 24 ঘণ্টাৰ অন্তত আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰৰ দলটোক ৷
ধৃত চোৰকেইটা হৈছে আজাৰা হাটখোৱাপাৰাৰ মহিবুল আলী, লালচান্দ আলী আৰু গঁড়লৰ নিতু মণি ঠাকুৰীয়া । উল্লেখযোগ্য যে ধাৰাপুৰ, আজাৰা অঞ্চলত দীৰ্ঘদিন ধৰি চোৰকেইটাই চুৰিকাণ্ড সংঘটিত কৰি আহিছিল । বৰ্তমান আজাৰা আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে চোৰৰ দলটোক ৷