thumbnail

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:31 PM IST

ETV Bharat / Videos

3 students death: গা ধুবলৈ গৈ তিনি ছাত্ৰৰ সলিল সমাধি

মৰিগাঁও, 4 ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ ভূৰবন্ধাত শোকাৱহ ঘটনা সংঘটিত হৈছে । গা ধুবলৈ গৈ তিনি ছাত্ৰই অকাল মৃত্যুক সাৱটি লয় ৷ এই ঘটনাৰ পিচতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ভূৰবন্ধা কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল তিনি মৃত ছাত্ৰ ৷
ইয়াৰে দুজন ঔগুৰি গাঁৱৰ আৰু এজন বাকৰি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিগাঁৱৰ দীপজ্যোতি বৰা, ঔগুৰিৰ পল্লৱ ডেকা আৰু ৰঞ্জিত মেধি নামৰ তিনি বন্ধুৱে আন দুজন বন্ধুৰ সৈতে দলৈচুবাৰ নৱোদয় বিদ্যালয়ৰ সমীপৰ এটা পুখুৰীত গা ধুবলৈ যোৱাৰ সময়তে দীঘলীপুখুৰী পথাৰৰ এটা পুলৰ দ পানীত পৰি যায় ৷ পিচত এজন সাঁতুৰিব জনা বন্ধুৱে স্থানীয় ৰাইজক খবৰ দিয়ে যদিও অৱশেষত ঘটনাস্থলীত মৰিগাঁও এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে তিনিওজন ছাত্ৰৰ মৃতদেহ।

সম্প্ৰতি তিনিও ছাত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাই সমগ্ৰ ভূৰবন্ধা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷ এই শোকাৱহ ঘটনাৰ খবৰ লাভ কৰি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

লগতে পঢ়ক: De-addiction Centre: নিচামুক্তি কেন্দ্ৰ নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই বলৱৎ হ’ব নতুন এছ অ' পি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.