thumbnail

By

Published : Mar 19, 2023, 12:30 PM IST

ETV Bharat / Videos

Training in Assam Special Reserve Force: কাৰাগাঁৱত ৯ মাহৰ প্ৰশিক্ষণ সমাপ্ত ২৭০ জোৱানৰ

ডিফু, ১৯ মাৰ্চ: নতুন কৰ্ম জীৱনৰ আৰম্ভণি । ৯ মাহ প্ৰশিক্ষণৰ অন্ততঃ কৰ্মত যোগদান কৰিব ২৭০ জন আৰক্ষী জোৱানে । বোকাজানৰ কাৰাগাঁওস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ (2nd Assam Special Reserve Force) শিবিৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্ম জীৱনৰ পাতনি মেলিব ২৭০ জন জোৱানে । অসম বিশেষ সংৰক্ষিত বাহিনীৰ কমাণ্ডেন্ট নৱজ্যোতি বৰাৰ তত্বাৱধানত শনিবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ২৭০ জন জোৱানে । প্ৰায় ১২ বছৰৰ মূৰত কাৰাগাঁও শিবিৰটোৰ পৰা বৃহৎ সংখ্যক জোৱানে প্ৰথমবাৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ।  

এই প্ৰসংগত কমাণ্ডেণ্ট নৱজ্যোতি বৰাই (Commandant Navajyoti Bora) কয় যে, প্ৰশিক্ষণপ্ৰাপ্ত জোৱান সকলে ৯ মাহ প্ৰশিক্ষণৰ অন্তত অসমৰ বিভিন্ন স্থানত কৰ্মত যোগদান কৰিব ৷ কালিৰ শপত গ্ৰহণ অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা স্থানীয় বিধায়ক ডাঃ নোমল মমিনৰ লগতে প্ৰশিক্ষণপ্ৰাপ্ত জোৱানসকলৰ অভিভাৱকসকলৰ উপস্থিতিয়ে জোৱানসকলৰ মনোবল বৃদ্ধি কৰে ৷ অসমৰ বাবে সৰ্বস্ব উৎসৰ্গা কৰাৰ সংকল্প লৈ বিভিন্ন স্থানত কৰ্মত যোগদানৰ বাবে নতুন যাত্ৰা আৰম্ভ কৰা জোৱানসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে কামাণ্ডেণ্ট নৱজ্যোতি বৰাই ৷

এই অনুষ্ঠানটোত উপস্থিত থাকে স্থানীয় বিধায়ক নোমল মমিন (MLA Nomal Momin), বোকাজান মহকুমা বিষয়া অনুপ ব্ৰহ্ম । জোৱানসকলৰ ভিতৰত ২০২২ৰ শ্ৰেষ্ঠ  ইনড’ৰ বঁটা লাভ কৰে ডেভিদ সোণোৱালে আৰু শ্ৰেষ্ঠ আউটড'ৰ বঁটা লাভ কৰে ভাস্কৰ ৰাজখোৱাই ।

লগতে পঢ়ক:Deprived of health service in Assam: ৰাজ্যৰ বিভিন্ন জিলাত সহজলভ্য নহয় চৰকাৰী স্বাস্থ্যসেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.