Swargadeo Sarvananda Singha Day: ২২১ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন - মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদমেল

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 16, 2023, 10:30 PM IST

Updated : May 16, 2023, 10:39 PM IST

মৰাণ,১৬ মে': ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত জামিৰাত অহা ২৪ আৰু ২৫ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২২১ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস (221st Swargadeo Sarvananda Singha Day) আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ লগতে জনগোষ্ঠীটোৰ কেউটা সংগঠনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে (Motak Youth Students Union Press Conference) ৷  

এই সন্দৰ্ভত সোমবাৰে বিয়লি মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় মুখ্য কাৰ্যালয়ত এক সংবাদমেলত সংগঠনটোৱে দুয়োদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী বিমল বড়াকে আদি কৰি ধৰি উজনি অসমৰ কেইবাজনো বিধায়কে দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে (Press Conference Dibrugarh) ৷  

বিভিন্ন প্ৰতিযোগিতাৰ লগতে আলোচনা চক্ৰ তথা নিশালৈ আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই অনুষ্ঠান উদ্বোধন কৰিব ৷ দিৱস তথা সমাৰোহ উপলক্ষে এক আকৰ্ষণীয় শোভাযাত্ৰাও বাহিৰ কৰিব বুলি সংবাদমেলত উদ্যোক্তাসকলে প্ৰকাশ কৰে ৷ উক্ত দিৱসতে ২০২৩ বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰাপকৰ নামো ঘোষণা কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Rojgar mela 2023: ৰোজগাৰ মেলাৰে ১০ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য ভাজপা চৰকাৰৰ

Last Updated : May 16, 2023, 10:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.