thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 12:35 PM IST

ETV Bharat / Videos

Bamboo bridge collapse: বাঁহৰ দলং ভাঙি বিদ্যালয়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত

জোনাই/ধেমাজি, 26 অক্টোবৰ : জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চিচি টঙানি চহবাৰীত ভয়ংকৰ অঘটন সংঘটিত হৈছে  ৷ এখন জৰাজীৰ্ণ বাঁহৰ দলং ভাঙি এখন বিদ্যালয়ৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে ৷ ইয়াৰে 5 গৰাকী  ছাত্ৰ-ছাত্ৰীক সংকটজনক অৱস্থাত তাৎক্ষণিকভাৱে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, অঞ্চলটোৰ চহবাৰী টঙানি নৈৰ ওপৰত এখন উপযুক্ত পকী দলং নথকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল ৷ ইমান দিনে সেই অঞ্চলটোৰ লোকসকলে সেই বাঁহৰ দলংখনেৰেই অহা-যোৱা কৰি আছিল ৷ কিন্তু বৃহস্পতিবাৰে পুৱাই বিদ্যালয়লৈ অহা কণ-কণ ছাত্ৰ-ছাত্ৰী এটা দল দলংখন পাৰ হোৱাৰ সময়তে হঠাৎ জৰাজীৰ্ণ দলংখন ভাঙি পৰাত কেইবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ তাৰে গুৰুতৰভাৱে 5 গৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। 

লক্ষণীয় যে, ১৯৫০ চনৰ পৰাই গাঁওখনত এখন পকী দলং নথকাৰ ফলত জীয়াতু ভুগিছে স্থানীয় ৰাইজে ৷ ইখনৰ পিচত সিখন চৰকাৰ সলনি হ’ল ৷ তাৰ পিচতো চৰকাৰ তথা জনপ্ৰতিনিধিৰ চূড়ান্ত অকৰ্মন্যতাৰ ফলত অঞ্চলটোত আজিকোপতি এখনো পকী দলং নিৰ্মাণ নহ’ল ৷  তাৰ ফলস্বৰূপেই আজি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷  দ্বিতীয়বাৰ যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে চৰকাৰক এই স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে ৰাইজে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Fire at Bihpuria : বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড; ছাই হ’ল 4 খন ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.