HS result 2023: বিজ্ঞান আৰু কলা শাখাত বিজয় ধ্বজা উৰিল নগাঁৱত

By

Published : Jun 6, 2023, 5:34 PM IST

thumbnail

নগাঁও,৬ জুন: বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে আশাৰ ৰেঙণি কঢ়িয়ালে নগাঁৱলৈ (HS result 2023) ৷ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত জিলিকিল নগাঁৱৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰী । সদ্যঘোষিত ফলাফলে আনন্দৰ বন্যা বোৱাইছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলত (Ramanujan Senior Secondary School) ।  

কলা আৰু বিজ্ঞান শাখাৰ মুঠ ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীযে স্থান লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ পৰা । ইয়াৰে ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰাই ১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে স্থান (19 students got position) । বিজ্ঞান শাখাৰ শীৰ্ষত ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নিখিলেষ দত্ত । একেদৰে কলা শাখাৰো প্ৰথম স্থানত সংকল্পজিত শইকীয়া । বিজ্ঞান শাখাৰ তৃতীয় স্থানতো ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া ।  

ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ এই সাফল্যৰ পাছতে স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক লৈ নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় শোভাযাত্ৰা । ইয়াকে লৈ উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে সমগ্র নগাঁৱত । 

লগতে পঢ়ক: HS result 2023: বিজ্ঞান শাখাত নৱম স্থানেৰে জিলিকিল নগাঁৱৰ হিমানিষ দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.