লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত ১৭ টাকৈ বনৰীয়া চৰাই উদ্ধাৰ - চোৰাং চিকাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-12-2023/640-480-20321976-thumbnail-16x9-fake.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 21, 2023, 1:50 PM IST
নগাঁও, 21 ডিচেম্বৰ : শীতৰ লগে লগে ৰাজ্যৰ বিভিন্ন বিল-জলাশয়সমূহলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ । ইয়াৰ সমান্তৰালকৈ পৰিভ্ৰমী পক্ষী নিধনৰ বাবে বিভিন্ন অঞ্চলত সক্ৰিয় হৈছে চোৰাং চিকাৰী । বৃহস্পতিবাৰে নগাঁৱৰ লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত বন বিভাগে অভিযান চলাই কেইবাটাও পৰিভ্ৰমী পক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জুৰীয়াত একাংশ চোৰাং চিকাৰীয়ে বনৰীয়া চৰাই চিকাৰ আৰু বিক্ৰীৰ এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ এটা দলে অভিযান চলায় । এই অভিযানকালত বন বিভাগৰ দলটোৱে 17 টা কৈ বনৰীয়া চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰামতে, লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী সুঁতিৰপাৰ, কাষৰী, বৰুণগুৰি, ফুটালজাৰ, শালপাৰা আদি গাঁৱত অত্যাধুনিক ইলেক্ট্ৰনিক ডিভাইছৰ সহায়ত বিভিন্ন চৰাইৰ মাত উলিয়াই চোৰাং চিকাৰীয়ে এই চৰাইসমূহৰ চিকাৰ কৰি আহিছিল ৷ চোৰাং চিকাৰীৰ কবলৰ পৰা 10 টা ডাউক চৰাই, 5 টা কাম চৰাই, 2 টা শৰালী হাঁহ উদ্ধাৰ কৰে বন বিভাগে । পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা চৰাইকেইটা বন বিভাগে লাওখোৱা অভয়াৰণ্যত এৰি দিয়ে ৷
লগতে পঢ়ক : ডিব্ৰুগড় আৰক্ষীক প্ৰত্যাহ্বান, সদৰ থানাৰ কাষতে চোৰৰ চাফাই অভিযান