thumbnail

Tragic incident at Tingkhong: টিংখাঙত অমানবীয় কাণ্ড, কীটনাশক ঔষধ খুৱাই ছাগলী নিধন কৰিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:52 PM IST

ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ : টিংখাঙত অমানবীয় কাণ্ড । এটা দুটা নহয় একেলগে 16 টাকৈ ছাগলী হত্যা কৰিলে দুস্কৃতিকাৰীয়ে । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ধমনৰ ২নং কেন্দুগুৰীৰত এই ঘটনা ৷ জানিব পৰা মতে ফুলেশ্বৰ খনিকৰ নামৰ লোকজন দীৰ্ঘদিন কৃষি কাৰ্য আৰু পশুপালনেৰে স্বনিৰ্ভৰশীল হোৱাৰ লগতে অঞ্চলটোত এজন আদৰ্শ কৃষক হিচাপে পৰিচয় লাভ কৰি আহিছে । 

‘‘আনৰ উন্নতি দেখিব নোৱাৰা চকুচৰহা লোকে 16 টাকৈ ছাগলীক কীটনাশক ঔষধ খুৱালে । ফলত পোৱালি থকা 10 জনী মাইকী ছাগলী, 4 টা খাছী ছাগলী আৰু এটা পাঠা ছাগলী মৃত্যু মুখত পৰে । প্ৰায়ে ডেৰ লাখ টকাৰ ছাগলী একেলগে মৃত্যু হৈছে ৷ 10 জনীকৈ মাক মৃত্যু হোৱাত পোৱালিসমূহক লৈ উপায়বিহীন হৈ পৰিছো ৷’’ এই মন্তব্য ভুক্তভোগী পশুপালক ফুলেশ্বৰ খনিকৰৰ ৷ ইফালে ঘটনাস্থলীত পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত্যুৰ কাৰণ জানিবলৈ মৃত্যু হোৱা ছাগলীৰ নমুনা সংগ্ৰহ কৰিছে । এই ঘটনাৰ ফলত স্থানীয় সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । 

লগতে পঢ়ক:Dibrugarh youth missing news: ক’ত হেৰাল ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱৰ অংকুল হাজৰিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.