154th Gandhi Jayanti : জোনাইত মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী পালন

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 2:23 PM IST

thumbnail

জোনাই, ২ অক্টোবৰ : আজি গান্ধী জয়ন্তী । সমগ্ৰ দেশতে পালন কৰা হৈছে মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো ধেমাজি জিলা সদৌ গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত ৰায়াং ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত উদযাপন কৰা হয় গান্ধী জয়ন্তী ।

বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা এই গান্ধী জয়ন্তী অনুষ্ঠানৰ প্ৰথমতে মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদি কৰা হয় । এই গান্ধী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সম্পাদক নীলকান্ত মিলি ৷

লগতে উপস্থিত থাকে সহকাৰী সম্পাদক কমল মিলি, উপ সভাপতি জ্যোতিপ্ৰসাদ চুংক্ৰাং, কেন্দ্ৰীয় সমিতিৰ সদস্য তামেন বড়ি, দীপক ডেকা, ৰায়াং ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুদ্ধেশ্বৰ বড়িৰ লগতে বিদ্যালয়খনৰ বহু শিক্ষক-শিক্ষয়িত্ৰীসকল ।

লগতে পঢ়ক : Gandhi Jayanti 2023 : শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.