thumbnail

By

Published : Feb 14, 2023, 6:17 PM IST

ETV Bharat / Videos

Thief Arrested in Biswanath : কাঁহ-পিতলৰ দোকানলৈ পৰিণত হ'ল বিশ্বনাথ চাৰিআলি সদৰ থানা

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : বিগত সময়ত বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰি হোৱা সামগ্ৰীৰে ভৰি পৰিছে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা (Biswanath Chariali Police Station)৷ মঙলবাৰে বিশ্বনাথ সদৰ আৰক্ষী থানাই অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ কাঁহ-পিতলৰ সামগ্ৰী ৷ লগতে আটক কৰে এঘাৰটাকৈ গভাইত চোৰক ।

এই ১১ জনীয়া গভাইত চোৰৰ দলটোৰ ভিতৰত অধিকাংশ চোৰেই হ'ল নাবালক (Thief arrested by Biswanath police)। কিন্তু নাবালক বুলি ভোল নাযাব । কাৰণ এই চোৰৰ দলটোৱে বিশ্বনাথত দীৰ্ঘদিনে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল । ঘৰত মানুহ নথকা অৱস্থাত এই চোৰৰ দলটোৱে বিগত সময়ত ঘৰৰ তলা ভাঙি চলাই আহিছিল চাফাই অভিযান । আনকি, এই চোৰৰ দলটোৱে মূল্যৱান আ-অলংকাৰ লগতে ঘৰৰ কাঁহ-পিতলৰ কাঁহি-বাতি চোৰ কৰাৰ লগতে চৰুৰ ভাত পৰ্যন্ত খাই সেই চৰুত মলত্যাগ কৰি অত্যাচাৰ চলাই আহিছিল গৃহস্থক ।

বিশ্বনাথৰ সাধাৰণ জনতাৰ লগতে বিশ্বনাথ আৰক্ষীৰো এক মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছিল এই চোৰৰ দলটো (Thief in Biswanath Chariali)। অৱশেষত সোমবাৰে নিশা বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ উপ-আৰক্ষী বিষয়া অনিল সোণোৱালৰ নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজোৱাৰীৰ নিৰ্দেশত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ সমীপৰ দীঘলী পুখুৰীৰ পৰা অভিযান চলাই এই ১১ টাকৈ গভাইত চোৰক কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখাৰ লগতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী, পানীৰ মটৰ আৰু ছাউণ্ড চিষ্টেম ।

লগতে পঢ়ক: Affing and Gold seized: গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণসহ বৃহৎ পৰিমাণৰ কানি আফিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.