thumbnail

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:00 PM IST

ETV Bharat / Videos

গোলাঘাটৰ বছা-ভৰলোৱা গাঁৱত একেলগে জ্বলিল ১১ খন চিতা

গোলাঘাট, 3 জানুৱাৰী: এক অবৰ্ণনীয় পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হ'ল দেৰগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা শিশুসহ ১১ গৰাকীকৈ লোকৰ । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰোণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহসমূহ বছা-ভৰলোৱা গাঁও পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে সমগ্ৰ অঞ্চলবাসী ।

অঞ্চলটোৰ অমৃত সৰোবৰ পুখুৰীৰ পাৰত ৰাইজৰ সহযোগত একেলগে শেষকৃত্য সম্পন্ন কৰা হয় ১১ টাকৈ মৃতদেহৰ । উক্ত স্থানত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰে ।

ইফালে দেৰগাঁৱৰ এজন যুৱকৰ মহানুভৱতা । সৎকাৰৰ বাবে প্ৰয়োজনীয় খৰি, ঘিউ, ধূনা আদি সামগ্ৰীসমূহ যোগান ধৰে যুৱকজনে । দেৰগাঁৱৰ ব্যৱসায়ী ময়ুৰ দীপ ফুকনে আঠখন গাড়ীৰে খৰিসহ বিভিন্ন সামগ্ৰীসমূহ যোগান ধৰে ।

উল্লেখ্য, গোলাঘাট বছা-ভৰলোৱা গাঁৱৰ পৰা বনভোজ খাবলৈ বুলি তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত দেৰগাঁৱৰ বালিজানত বিপৰীত দিশৰ পৰা আহি থকা মালবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে শিশুসহ দহগৰাকী লোক নিহত হয় ৷ পৰৱৰ্তী সময়ত আন দুগৰাকী আহত লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: বেলি ওলোৱাৰ পিচত বনভোজলৈ যাওক; বেলি বহাৰ আগতেই উভতি আহক: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.