Father Killed daughter: পাষাণ পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে দহ বছৰীয়া কন্যাক - মৰিয়াই মৰিয়াই হত্যা কৰিলে দহ বছৰীয়া কন্যাক
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 5 মাৰ্চ: সোণাৰিত বৃহস্পতিবাৰে সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Dibrugarh) । পিতৃৰ হাতত প্ৰাণ গ'ল এটি দহ বছৰীয়া কন্যাৰ । সোণাৰিৰ টিমন চাহ বাগিচাৰ বাবু লাইনত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড । বাঁহৰ লাঠীৰে মৰিয়াই মৰিয়াই নিজ পিতৃয়েই হত্যা কৰিলে দহ বছৰীয়া কন্যাক (Father Killed daughter in Sonari) ।
কন্যা সন্তানক হত্যা কৰি পলায়ন কৰে অভিযুক্ত পাষাণ পিতৃ ভুবন গৰাইট । বৃহস্পতিবাৰে বিয়লি এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
সোণাৰি আৰক্ষীয়ে সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰী ভুবন গৰাইটক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : Raped and killed at Margherita : জঘন্য: কিশোৰীক ধৰ্ষণ কৰি চেপটিক টেংকত ভৰালে মৃতদেহ