অৰুণাচলৰ নামটকত মাৰণাস্ত্ৰ সহ NSCN (IM) ৰ সদস্য আটক

By

Published : Mar 27, 2022, 1:28 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
অৰুণাচলৰ নামটকত মাৰণাস্ত্ৰ সহ NSCN(IM) ৰ দুজন নাবালক সদস্য আটক (NSCN IM member arrested in namtok) ৷ সদস্য দুগৰাকীৰ পৰা তিনিচুকীয়া আৰক্ষী আৰু 1703 মাউণ্টেণ্ট ব্ৰিগেড আৰ্মীয়ে উদ্ধাৰ কৰে দুটা HK ৰাইফল, দুটা IED, ২৮৩ ৰাউণ্ড সজীৱ গুলী, তিনিখনকৈ এটিএম কাৰ্ড আৰু তিনিটা ম’বাইল ফোন ৷ আটকাধীন দুয়োগৰাকী সদস্যই এজন লিংকমেনৰ সহযোগত নামটক আৰু অসমৰ সীমান্তৱৰ্তী জাগুন এলেকাত ব্যাপক হাৰত ধন দাবী কৰি আহিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ এক বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া ৰে’ল ষ্টেচনত আৰক্ষীয়ে সংগঠনটোৰ সদস্য দুজনক আটক কৰি (NSCN IM member arrested with arms and ammunitions) তেওঁলোকৰ সৈতে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত ৰাখে ৷ এই সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰিছিল উজনি অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতীয়ে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.