Dilip Saikia convoy meets with accident: সাংসদ দিলীপ শইকীয়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত - MP Dilip Saikia Accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14474226-thumbnail-3x2-kckjxnck.jpg)
কামৰূপৰ চাংসাৰিত সাংসদ দিলীপ শইকীয়াৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত (Dilip Saikia convoy meets with accident) । ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সন্মুখৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । সাংসদগৰাকীৰ এছকৰ্ট বাহন আৰু কনভয়ত অহা অন্য এখন স্কৰপিঅ’ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । সাংসদগৰাকীয়ে গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । এছকৰ্ট বাহনখনৰ চালকগৰাকী আঘাতপ্ৰাপ্ত হয় এই দুৰ্ঘটনাত । ঘটনাস্থলীত চাংসাৰি আৰক্ষী উপস্থিত হৈ আহত গৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে । দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅ’ বাহনখনৰ নম্বৰ AS01EF 8747 আৰু এচকৰ্ট বাহনখনৰ নম্বৰ AS01 BP 8757 ৷
Last Updated : Feb 3, 2023, 8:12 PM IST