Assam Municipal Election 2022 : বিধায়ক ফনী তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ - বিধায়ক ফনী তালুকদাৰ
🎬 Watch Now: Feature Video

বৰপেটাত বিধায়ক ফনী তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ (Assam Municipal Election 2022) ৷ লগতে বৰপেটাত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত লুঙী-টুপীৰ প্ৰসংগৰে চৰম সাম্প্ৰদায়িক ভাষণেৰে বিজেপি প্ৰাৰ্থীৰ হৈ বৰপেটাত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলায় বিধায়ক ফনী তালুকদাৰে (MLA Phanidhar Talukdar campaigns for Minicipal poll) ৷ লগতে বৰপেটা সত্ৰৰ বেদখলীকৃত ভূমি উদ্ধাৰৰ ক্ষেত্ৰত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিপৰীত স্থিতিৰ কথা উল্লেখ কৰি লুঙী টুপীয়ে আমাক আগুৰি ধৰা বুলি মন্তব্য কৰে ৷ সেয়ে লুঙী টুপীৰ পৰা বৰপেটা সত্ৰ, সত্ৰীয়া সংস্কৃতি, দৌল ৰক্ষাৰ বাবে বিজেপিক ভোট দিবই লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ (BJP campaign for Minicipal poll in Barpeta) ৷ ইপিনে অগপক তাচ্ছিল্যৰে হাতী মানস ৰাষ্ট্ৰীয় উদ্যান গৈ পোৱা বুলি সৰস মন্তব্য ভৱানীপুৰৰ বিজেপি বিধায়ক ফনীধৰ তালুকদাৰৰ ৷ চাৰিজনা গুৰুৰ মিলনভূমি বৰপেটা সত্ৰৰ গৰিমা আমি ৰাখিব নোৱাৰিলো বুলি আক্ষেপ কৰি বৰপেটাত বিজেপিৰ পৌৰসভা দখলৰ আহ্বান ভৱানীপুৰৰ বিধায়ক ফনী তালুকদাৰৰ ৷
Last Updated : Feb 3, 2023, 8:18 PM IST