thumbnail

By

Published : Feb 18, 2022, 8:59 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Nellie massacre: 83 ৰ নেলী গণহত্যা প্ৰসংগত বিধায়ক আশ্ৰাফুল হুছেইন

কলগাছিয়াত নেলী গণহত্যাক লৈ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এক সংবাদমেলত চেঙা বিধান সভা সমষ্টিৰ যুৱ বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে, বিদেশীৰ নামত নেলীৰ সেই গণহত্যাৰ আজি ৪০ টা বছৰ পুৰ্ণ হ’ল যদিও এইপৰ্যন্ত হত্যাকাণ্ডত মৃত্যু হোৱা কোনো ব্যক্তি বা তেওঁৰ সতি-সন্ততিক কোনেও বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰিলে (MLA Ashraful Hussain reacts to the Nellie massacre) । আনহাতে এই বিষয়ে এখন আয়োগ গঠন হৈছিল যদিও এতিয়ালৈকে হত্যাকাৰী সকলক কোনধৰণৰ শাস্তি বিহা পৰিলক্ষিত নহ’ল । লগতে যুৱ বিধায়ক গৰাকীয়ে নেলী গণহত্যাৰ বলি শ্বহীদ সকলৰ আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনা জনাই হত্যাকাৰীৰ বিৰুদ্ধে পুনৰ বিচাৰ আৰম্ভ কৰি সেইসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক জনালে দাবী ।
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.