মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কাষতে বিধ্বংসী অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কাষতে সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ( Massive Fire Breaks Out near Mangaldai Civil Hospital) ৷ তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত এটি ঘৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে কেবাটাও ঘৰলৈ এই জুই বিয়পি যায় ৷ যাৰফলত কেবাজনো ছাত্ৰ-ছাত্ৰীৰ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ এডমিট, কিতাপ আটাইবোৰ জ্বলি চাৰখাৰ হৈ যায় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জুই নুমাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় ৷ ইফালে অগ্নিকাণ্ড নুমুৱাবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনীৰ দুজন জোৱানকে ধৰি ভূষণ ডেকা, দিপাংকৰ নাথ আৰু পংকজ নাথ নামৰ আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় । লগতে যান-বাহন শাখাৰ মিছকেল ৰহমান নামৰ এজন আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST