Leopards found dead: ডিব্ৰুগড়ত উদ্ধাৰ মৃত নাহৰফুটুকী - leopards found dead in Dibrugarh
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ত পুনৰ মৃত্যু প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ (Leopards found dead in Dibrugarh)। বকপাৰা পেট্ৰল ডিপোৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ কৰিলে বনবিভাগে। স্থানীয় লোকে বনবিভাগক খবৰ দিয়াৰ পিছতে বাঘটোক উদ্ধাৰ কৰি জকাই খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ অনা হয় । মৃত বাঘটো দুৰ্ঘটনাত মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই কথা নিশ্চিত কৰিব পৰা যাব । ইফলে কোনো লোকে বাঘটোৰ অংগ কাটি লৈ যোৱাৰ চেষ্টা কৰা বুলিও বুলি প্ৰকাশ কৰিছে বনবিভাগে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এটা বাঘ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।
Last Updated : Feb 3, 2023, 8:20 PM IST