Increase in water level of Brahmaputra: পলমকৈ আৰম্ভ কমলাবাৰী-নিমাতী ফেৰী সেৱা

By

Published : Mar 24, 2022, 1:16 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail
বৃহস্পতিবাৰে পুৱা হঠাতে বৃদ্ধি পায় ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত পলমকৈ আৰম্ভ হয় কমলাবাৰী নিমাতী ফেৰী সেৱা ৷ প্ৰায় দুই মিটাৰ পৰ্যন্ত বৃদ্ধি পায় ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বৃহস্পতিবাৰে পুৱা পলমকৈ আৰম্ভ হয় কমলাবাৰী-নিমাতী ফেৰী সেৱা(Kamalabari Nimati Ferry Service) । পুৱা 7.30 বজাত প্ৰথমখন আৰু 8 বজাত দ্বিতীয়খন ফেৰী চলাচল কৰিব লাগিছিল যদিও 8 বজাৰ পাছতহে আৰম্ভ হয় ফেৰী সেৱা(Majuli ferry service resumes) ৷ যাৰবাবে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় বহু যাত্ৰী ৷ ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি অহাৰ ফলত ফেৰী ৰখা চেলামিসমূহ বাঢ়নী পানীত ডুব যোৱাত পলমকৈ আৰম্ভ হয় কমলাবাৰী নিমাতী ফেৰী সেৱা । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি বিগত তিনিদিন ধৰি বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ কিন্তু বুধবাৰৰ নিশাৰ পৰা হঠাতে অস্বাভাৱিকভাৱে জলস্তৰ প্ৰায় দুই মিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাত বৃহস্পতিবাৰে পুৱা বন্ধ ৰখা হৈছিল ফেৰী সেৱা ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.