প্ৰতিবাদী সমৰ্থকক ঘৰলৈ উভতিবলৈ অনুৰোধ ড’নাল্ড ট্ৰাম্পৰ - ড’নাল্ড ট্ৰাম্প
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10148657-thumbnail-3x2-t.jpg)
প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ভিডিঅ’যোগে প্ৰতিবাদী সমৰ্থকসকলক ঘৰলৈ উভতিবলৈ অনুৰোধ জনায় ৷ ইয়াৰোপৰি ভিডিঅ’টিত ট্ৰাম্পে নিৰ্বাচন আৰু নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক কৰা আক্ৰমণ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, আমেৰিকা কেপিট’ল হিলৰ বাহিৰত ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ পাচতে কেপিটোলৰ ভিতৰত প্ৰৱেশ বন্ধ কৰি দিয়া হয় ৷ ভিডিঅ’যোগে ট্ৰাম্পে কয় যে,‘‘মই আপোনালোকৰ শংকা আৰু দুখ বুজিব পাৰিছো ৷ কিন্তু এতিয়া আপোনালোকে ঘৰলৈ উভতিব লাগিব ৷ আপোনালোক মোৰ বাবে বহু বিশেষ ৷ আমি শান্তি বজাই ৰাখিব লাগিব ৷ গতিকে আপোনালোক ঘৰলৈ যাঁওক’’ ৷
Last Updated : Jan 7, 2021, 1:02 PM IST