সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সামগ্ৰিক স্থিতি - সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সামগ্ৰিক স্থিতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2020, 1:42 PM IST

সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 1,26,14,315 ৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত বিশ্বত নতুনকৈ 2,35,461 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ বিশ্বত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 5,61,987 গৰাকীলৈ ৷ 11 জুলাইত নতুনকৈ 5,386 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰ সৰ্বাত্মক প্ৰভাৱ ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ভাৰতত দেখিবলৈ পোৱা গৈছে ৷ আমেৰিকাত 11 জুলাইলৈ 32,91,365 গৰাকী লোকলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে, ব্ৰাজিলত 18,04,338 গৰাকী আৰু ভাৰতত 8,22,603 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ ৰাছিয়া, পেৰু, স্পেইন আদি দেশতো পৰিলক্ষিত হৈছে কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান স্থিতি ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰী সংক্ৰমণৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.