thumbnail

By

Published : Jul 10, 2020, 12:17 PM IST

ETV Bharat / Videos

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ শেহতীয়া তথ্য

বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে চীন দেশৰ ৱুহান চহৰত সূত্ৰপাত হৈছিল বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ ৷ এই মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে ৷ 10 জুলাইলৈ বিশ্বজুৰি এই মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 1,23,78,854 লৈ ৷ শুকুৰবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে মুঠ 2,23,449 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে মুঠ 5,56,601 গৰাকী লোকে ৷ 10 জুলাইৰ দিনটোতে মুঠ 5,417 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে সমগ্ৰ বিশ্বতে ৷ উল্লেখ্য যে, বিশ্বৰ ভিতৰতে আমেৰিকা, ব্ৰাজিল আৰু ভাৰতত কৰ'ণা মহামাৰীৰ সংক্ৰমণ আটাইতকৈ অধিক পোৱা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ ৰাছিয়া, পেৰু, স্পেইন আদি দেশতো ক্ৰমবৰ্ধমান ৰূপত আছে এই মহামাৰীৰ সমক্ৰমণ ৷ 10 জুলাইলৈ বিশ্বৰ ভিন্ন দেশত COVID-19 ৰ শেহতীয়া তথ্য জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.