থাইলেণ্ডৰ ৰাজপাটত নতুন ৰজা - থাইলেণ্ডৰ নতুন ৰজা
🎬 Watch Now: Feature Video

ৰাজপাটত অধিষ্ঠিত হ'ল শুকুলা হাতীৰ দেশৰ নতুন ৰজা৷ হালধীয়া বসনেৰে শতাধিক মাউতে হাতীৰ পিঠিত উঠি সম্ভাষণ জনালে থাইলেণ্ডৰ নতুন ৰজা মহা বাজিৰালংকৰ্ণক৷
মহা বাজিৰালংকৰ্ণৰ ৰাজঅভিষেক উপলক্ষে বেংককৰ বিশাল ৰাজপ্ৰসাদত সমবেত হয় সহস্ৰাধিক গুণমুগ্ধ৷ মঙলবাৰে 11 টা শুকুলা হাতীৰে শোভাযাত্ৰা কৰি নতুন ৰজাৰ আদৰণি জনায় থাইলেণ্ডবাসীয়ে৷ মঙলবাৰে ৰাজমহলৰ প্ৰৱেশ দ্বাৰৰ পৰা থাই ৰাজ সংগীত গাই নতুন ৰজাৰ যশস্যাৰে শোভাযাত্ৰা উলিয়ায় একাংশ থাইলেণ্ডবাসীয়ে৷