বিদেশত কুশলে আছেনে অসমীয়া - 6 - আমেৰিকাৰ কানেকটিকাট প্ৰদেশ
🎬 Watch Now: Feature Video
COVID 19 এ সৃষ্টি কৰা বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকল কেনে আছে ! কুশলে আছেনে তেওঁলোক ! জীৱিকা সূত্ৰে, অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন ভিন প্ৰান্তত বসবাস কৰি অহা সেইসকল লোক এই সময়ত কেনেকৈ আছে সেই খবৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান । আমাৰ সাংবাদিক গৌতম বৰুৱাই আজি এই বিশেষ অনুষ্ঠানলৈ আহিছে গুৱাহাটীৰ জীয়ৰী তথা হায়দৰাবাদৰ বোৱাৰী ইমননীৰা বৰুৱাক । স্বামী ভেংকটপতি ৰাজু আৰু ইমননীৰা দুয়ো চফটৱেৰ ইঞ্জিনিয়াৰ । সম্প্ৰতি আমেৰিকাৰ কানেক্টিকাট প্ৰদেশৰ এভন চহৰৰ বাসিন্দা তেওঁলোক ৷ চাওঁ আহক ইমননীৰা আৰু ভেংকটপতিয়ে তেওঁলোকৰ একমাত্ৰ সন্তান ৰিণ'ভৰ সৈতে কেনেদৰে পাৰ কৰিছে লক ডাউনৰ সময় ৷