thumbnail

By

Published : Feb 18, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Illegal liquor seized: অভিনৱ কৌশলেৰে অবৈধ সুৰা সৰবৰাহ

অবৈধ সুৰা ব্যৱসায়ীৰ অভিনৱ কৌশল । ওপৰত পানীৰ কাৰ্টুন, তলত অৰুণাচলী সুৰা । ঠিক ব্লকব্লাষ্টাৰ ছবি ‘পুষ্পা‘ত পুষ্পাই ৰঙা চন্দন কঢ়িওৱাৰ দৰেই ৷ তথাপিও শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ চকুত পৰিল এই কাণ্ড(Illegal liquor seized at Balipara)৷ AS-03CC-1062 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত অভিনৱ পন্থাৰে সৰবৰাহ কৰা এই বৃহৎ পৰিমাণৰ সুৰাভৰ্তি গাড়ীখন চাৰিদুৱাৰ আৰক্ষীয়ে খেদি খেদি জব্দ কৰিবলৈ সক্ষম হয় । বাহনখনৰ পানী ভৰ্তি কাৰ্টুনৰ তলত কৌশলেৰে অৰুণাচলৰ পৰা কঢ়িয়াই অনা ৫৫ কাৰ্টুন সুৰাৰ মূল্য প্ৰায় দুই লক্ষ্যাধিক টকা হ’ব । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাহনত থকা লোককেইজন পলাই যাবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.