thumbnail

By

Published : Mar 19, 2022, 4:51 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

হোলী উদযাপনক লৈ তেজপুৰ চহৰত উখল মাখল পৰিৱেশ

ৰাজ্যৰ চাৰিওফালে ৰঙ উৎসৱ ফাকুৱাক লৈ ব্যাপক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে (Holi celebration in Assam) । প্ৰতিখন চহৰত দেখা গৈছে হোলী বা ফাকুৱাৰ আয়োজন । ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ তেজপুৰ চহৰ । ফল্গু উৎসৱ উদযাপনৰ বাবে চহৰৰ মূল পথবোৰত বিভিন্ন লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে (People gather on streets of Tezpur to celebrate Holi)। হোলী গীতৰ ছন্দৰে মুখৰিত হৈ পৰিছে সমগ্ৰ চহৰখন । পৰিয়াল, বন্ধুবৰ্গ সকলোৱে মিলি উদযাপন কৰিছে এই ৰঙৰ উৎসৱ । আনহাতে শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ ভূপেছ চন্দ্ৰ দাসে পূৰ্বে এক নিৰ্দেশনা জাৰি কৰি শনিবাৰৰ দিনটোত স্থানীয় বন্ধৰ ঘোষণা কৰিছিল (Local holiday announced on Saturday in Tezpur) । যাৰ বাবে তেজপুৰত সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ও বন্ধ আছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.