Gharial in Kaziranga National Park: প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গ’ল ঘৰিয়াল - বিৰল প্ৰজাতিৰ ডলফিনৰ সমীক্ষা
🎬 Watch Now: Feature Video
কাজিৰঙাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত দেখা গল এক বিৰল দৃশ্য। কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত গৱেষণা কৰা এটা দলে বৃহস্পতিবাৰে প্ৰত্যক্ষ কৰিলে এটা ঘৰিয়াল (Gharials spotted in Assam's Brahmaputra river)। কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ বৰগাং ভাহ্যমান বনশিবিৰ এলেকাৰ বিৰল প্ৰজাতিৰ ডলফিনৰ সমীক্ষা(survey on river dolphins) কৰি থকা সময়ত বনকৰ্মী আৰু গৱেষণা দলে প্ৰত্যক্ষ কৰে এই বিৰল দৃশ্য। অসমৰ নদ-নদীত ঘৰিয়ালৰ অৱস্থিতি পূৰ্বে উমান পোৱা নাযায় যদিও নদীৰ বালিচৰত জিৰণি লৈ থকা ঘৰিয়ালৰ দৃশ্য গৱেষকৰ দলটোৱে কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:18 PM IST