গহপুৰৰ শ্ৰী গংগা গোশালাত গৰুৰ অস্বাভাৱিক মৃত্যু - Dhyan Foundation
🎬 Watch Now: Feature Video

বৃহত্তৰ গহপুৰ কাৰিবিলত থকা একমাত্ৰ গোশালা শ্ৰী গংগা গোশালাত মৃত্যুমুখত পৰিছে এটাৰ পিছত আন এটা গৰু (Unnatural death of cow)। খাদ্যৰ লগতে উপযুক্ত চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুৰ ক্ষণ গণাৰ লগতে ইতিমধ্যে কেইবাটাও গো-ধনৰ মৃত্যু হৈছে । প্ৰায় ৫০০ ৰো অধিক গো-ধন থকা গোশালাখন ধ্যান ফাউণ্ডেশ্যন(Dhyan Foundation) নামৰ এটি সংস্থাই চোৱাচিতা কৰি আহিছে ৷ গো-ধনৰ মৃত্যু হোৱাৰ লগতে বেমাৰত ভুগি চিৎকাৰ কৰি থকা গো-ধনসমূহৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাতে গোশালাখনৰ চিকিৎসগৰাকীয়ে বাতৰি সংগ্ৰহত সাংবাদিকক বাধা দিয়াৰ লগতে কেমেৰা অফ কৰিবলৈও কয় ।