কমলা আৰু নেমুৰ চাহ - ETV Bharat Food and Recipes
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8703119-thumbnail-3x2-kk.jpg)
চাহ কেৱল এবিধ পানীয় নহয় ৷ যুগ যুগ ধৰি চাহ বহু লোকৰ মাজত অমৃত স্বৰূপ হৈ আহিছে ৷ কোনো লোকে আন বস্তুৰ সৈতে বুজাবুজি কৰিব পাৰিলেও, ৰাতিপুৱাৰ চাহ কাপৰ সৈতে কোনো বুজাবুজি কৰিব নিবিচাৰে ৷ সময় সলনিৰ লগে লগে চাহৰ প্ৰস্তুত প্ৰণালীতো আহিছে বহু পৰিৱৰ্তন ৷ যাৰ বাবে আমিও আপোনালোকৰ বাবে লৈ আনিছো এক সুকীয়া চাহ প্ৰস্তুতৰ প্ৰণালী ৷ আপুনি আপোনাৰ চাহত ব্যৱহাৰ কৰিব পাৰে কমলা আৰু নেমুৰ দৰে উপাদান ৷ যি ভিটামিন C ৰে সমৃদ্ধ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ৷ এই চাহৰ ৰেচিপিটো আমাৰ ভিডিঅ'যোগে চাওক আৰু আপুনিও আমাৰ স'তে শ্বেয়াৰ কৰক নতুন নতুন চাহ প্ৰস্তুতৰ পদ্ধতি ৷