DC Biswajit Pegu inaugurated martyrs statue: ডিব্ৰুগড়ত ছয়গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন - ছয়জন শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন
🎬 Watch Now: Feature Video

ডিব্ৰুগড়ত ছয়গৰাকীকৈ শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে জিলাখনৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৷ ১৯৫০ চনৰ ভয়াৱহ ভূমিকম্পৰ পিছত অহা প্ৰলয়ংকাৰী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাইজলৈ সাহাৰ্য আগবঢ়াবলৈ গৈ প্ৰাণ আহুতি দিয়া শ্বহীদ ক্ৰমে জীৱন ৰাম ফুকন, হনুমান প্ৰসাদ সিংঘানীয়া, বাবুলাল পোদ্দাৰ, অজয় মেচ, গুৰচৰণ সিং আৰু ৰুদ্ৰ বৰঠাকুৰলৈ সন্মান জনাই শনিবাৰে উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত এখন শ্বহীদ উদ্যান আৰু ছয় শ্বহীদৰ প্ৰতিমূৰ্তি উদ্বোধন কৰা হয় (Statue of six martyrs inagurated at Dibrugarh)। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prasanta Phukan) আৰু উপায়ুক্ত বিশ্বজিত পেগুৱে আনুষ্ঠানিকভাৱে ছয়গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (DC Biswajit Pegu inaugurated martyrs statue)। আনহাতে কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড় ভ্ৰমণলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় চহৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল ।
Last Updated : Feb 3, 2023, 8:29 PM IST