108 crisis in Majuli: মাজুলীত 108 ৰ অভাৱত ৰোগীৰ মৃত্যু - 108 crisis in Majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16707977-thumbnail-3x2-manji.jpg)
মাজুলীত পুনৰ তেজস্বিতাৰ মৃত্যুৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ৷ এইবাৰ মাজুলীত 108 ৰ অভাৱত ৰোগীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে(Patient dies due to lack of 108 in Majuli)৷ মৃত ব্যক্তিজনৰ নাম হলিৰাম শইকীয়া( ৫২)৷ মাজুলীৰ মাজগাঁৱৰ বাসিন্দা হলিৰাম শইকীয়া ৷ লোকজনে উশাহ লব নোৱৰা অৱস্থা হোৱাৰ বাবে পৰিয়ালৰ লোকে ১০৮ সেৱাৰ লগত যোগাযোগ কৰিছিল যদিও কোনো সহাৰি লাভ নকৰে ৷ ইফালে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছত মাজুলীত পয্যাপ্ত ১০৮ আছে বুলি ঘোষণা কৰিছিল স্বাস্থমন্ত্ৰীয়ে ৷ উপায়ন্তৰ হৈ ভাৰাতীয়া গাড়ীৰে লোকজনক চিকিৎসালয়লৈ আনিব লগা হৈছিল যদিও হাস্পতাললৈ অনাত পলম হোৱাৰ বাবে লোকজনক বচাব পৰা নগ'ল ৷ এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে 108 ৰ সৈতে কথা পতা এক ফোন ৰেকৰ্ডিংটো ৷
Last Updated : Feb 3, 2023, 8:29 PM IST