thumbnail

By

Published : Jan 7, 2023, 11:56 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhogali Mela 2023 at Rangia: ৰঙিয়াত ভোগালী মেলা আমাৰ বজাৰৰ শুভ উদ্বোধন কৰিলে ভৱেশ কলিতাই

ভোগালী বিহুৰ প্ৰাকমূহুৰ্তত ৰঙিয়া নগৰৰ চাৰি নং ৱাৰ্ডত এখনি ভোগালী মেলা অনুষ্ঠিত হৈছে (Bhogali Mela at Rangia)। অসম ৰাজ‍্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ দহটা আত্মসহায়ক গোটৰ শতাধিক মহিলাই মেলাত বিভিন্ন সামগ্ৰীৰ বিপনী মুকলি কৰিছে (Assam State Urban Livelihoods Mission) । ভোগালী বিহুৰ পূৰ্বে আমাৰ বজাৰ নামেৰে নামাকৰণ কৰা এই মেলাৰ শুকুৰবাৰে শুভ উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita) । ৰঙিয়া প্ৰেছ ক্লাবৰ সমীপত অনুষ্ঠিত মেলাখনত চুঙা পিঠা, লাড়ু, চিৰা, দৈ ,সান্দহ গুড়ি ,কুহিয়াৰৰ দানা মিঠাইকে আদি কৰি বিভিন্ন ধৰণৰ থলুৱা খাদ্য সামগ্ৰী উপলব্ধ হৈছে । তদুপৰি মহিলাসকলে নিজে বোৱা কাপোৰ আৰু গৃহ সজ্জাত ব‍্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰীও উপলব্ধ কৰাইছে মেলাত ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.